Monday, 9 April 2018

অসমীয়া কবিতা

শিক্ষক দিৱসৰ শুভেচ্ছাৰে এটি কবিতা ...

✨ গুৰু প্ৰণামো তোমাক ✨

                    ✍ ৰাণাদ্বীপ কৌশিক।

তোমাৰ সৃষ্টি যেন এপাত মায়াবী বাণ
সেই বাণ আমাৰ হাতত তুলি
তুমি বোৱাইছা জ্ঞানৰ অন্তহীন নিজৰাটি...
বিদ্যাৰ দেৱীয়ে সৌ দূৰৈৰ পৰা হাঁহি হাঁহি
তোমাক দিছে আশীৰ্বাদ ভৱিষ্যত গঢ়াৰ।
জ্ঞান সদৃশ অমৃত পাণ কৰি আন্ধাৰৰ পথ ত্যাগি
পোহৰৰ পথক আকোঁৱালি হৃদয়ৰ ৰক্তাক্ত শোণিতেৰে
তোমাৰ চৰণত নিবেদিছোঁ এগছি বন্তি ।

আইৰ লগত জুহালত পঢ়িবলৈ লোৱাৰ পাছতেই
খোজ পেলাইছিলো জীৱন নাটৰ প্ৰথমটি জ্ঞান মন্দিৰত...
কান্দিছিলোঁ পলাইছিলো তোমাৰ খঙাল দুচকু দেখি
ভয় ভক্তি দুয়ো আছিল তোমাৰ প্ৰতি
চিনাকি কৰালা তুমিয়েই আখৰ কেইটি
প্ৰণামো আজি তোমাৰ চৰণত শত কোটি ।

এটি নৱ দিনত তোমাৰ লগতেই একেখন মঞ্চত উঠি
অভিনয় কৰিছিলো " সংস্কাৰ " নাটখনিত
পুনৰ এদিন লৈছিলো তোমাৰ হাতৰ  জুতিঁ..
মোৰ কান্দোন শুনি হাঁহিছিলা তুমি
হে গুৰু প্ৰণামো তোমাক হাতযোৰ কৰি ।

সময়ৰ গতিত নানান পথ অতিক্ৰম কৰি
প্ৰথম খোজ পেলালো যেতিয়া এই জ্ঞান মন্দিৰটিত
শুনাপালোঁ এক দৈৱবাণী
মই ৰজা কুমাৰ ভাস্কৰ বৰ্মা
বকুলৰ সুৱাসত মন প্ৰাণ ভৰি
মই হৈছো বহুতো সুখী
মাথোঁ জ্যোতি বিলোৱা মনক স্থিৰ কৰি
তোমাকো প্ৰণামো হে ৰাজন।

দ্বিতীয় খোজ পেলালো যেতিয়া
স্বৰ্গপুৰী সদৃশ এই মন্দিৰটিত
শুনাপালোঁ চাৰিওফালে কেৱল শঙ্খধ্বনি
বাঢ়ি আহিছে লাহে লাহে বকুলজুপি।

প্ৰণামো হে জ্ঞান মন্দিৰৰ পূজাৰী
ভক্ত হৈ নিবেদিছোঁ তোমাৰ চৰণত এপাহী গোলাপী
মৌ মিঠা তোমাৰ কণ্ঠৰে দিয়া আমাক আশীৰ্বাদ এফাকি
তুলি দিয়া দুখনি হাতত জ্ঞানৰ নিৰ্মালী
যাওঁ আজি আগুৱাই পোহৰৰ বাটেৰে
তোমাৰ চৰণ স্পৰ্শ কৰি।
গুৰু প্ৰণামো তোমাক হাতযোৰ কৰি
গুৰু প্ৰণামো তোমাক হাতযোৰ কৰি
গুৰু প্ৰণামো তোমাক হাতযোৰ কৰি .....

ধন্যবাদ ...

( ভগৱানে আপোনাক সদায়ে কুশলে ৰাখক )

No comments:

Post a Comment